Megazine

আহ্বান

 

বতাহ বলিলেই

মই জানো

তুমি আহিবা বুলি

ধুমুহা গাৰ্জনীৰ সতে

তোমাৰ বন্ধুত্ব

 

জাগ্রত পৃথিৱী এৰি

তুমি এতিয়া ক’ত?

 

পাৰিবানে আহিব

পুনৰ

ধুমুহা হৈ

অসূয়া অপ্রীতি

নাশ কৰিবলৈ

এই ধৰালৈ

অনুপম শর্ম্মা
প্ৰাক্তন ছাত্র

বিদ্যালয় সঙ্গীত

(১)
আলোকৰ যাত্রী আমি
জ্ঞানৰ পিয়াসী আমি
জাগ্ৰত প্ৰহৰী আমি নৱ-শতিকাৰ
এন্ধাৰ বিনাশী গাওঁ নতুনৰ গান
যুগে যুগে চামে চামে আমিয়েই
কৰোঁ আৱাহন
ধৰণীৰ নতুন প্রভাত
গাওঁ আমি পোহৰৰ গান

  (২)
বান্দেবী বীনাপাণি
আই সৰস্বতী দেৱী
পথৰ সন্ধান দিয়া যাওঁ আগুৱাই
মিনতি কৰিছোঁ আমি
আশীষ নির্মালি যাচি
অকণিৰ কৰণি দিয়া ওপচাই
অমিয়া মাধুৰী হৈ বীণাপাণি হৈ বৈ
জ্যোতিৰ প্ৰপাত কৰা হওঁ মহীয়ান
দিয়া দিয়া দিয়া আই বৰ দান

  (৩)
সৌমাৰ পীঠৰ আমি পূৱ ভাৰতৰ
কিশোৰ-কিশোৰী শিশু নিকেতনৰ
শিক্ষাৰ অগনিৰে দলে সমদলে
নতুন পৃথিৱী গঢ়ি যাম আগুৱাই
সুৰময় এই নদী প্ৰাণময়
ৰচনা -চৈয়দা যাজনী আহমেদ ৰহমান সুৰ-মৃদুবানী তামুলী

স্মৃতিৰ ৰোমন্থন

অন্তহীন আৱেগ,
অগাধ ভালপোৱা
তথা এক নিৰুপম সম্পর্ক।
অঁহ কিছুমান সম্পর্ক এনেকৈয়ে গঢ়ি উঠে,
দূৰত্ব বাঢ়িলেও সম্পর্ক ভাঙি নপৰে।
অচিনাকি পথবোৰেৰে
খোজ কাঢ়ি গৈ থাকোঁতে
সেই চিনাকি পথটিলৈ মনত পৰে,
পুনৰবাৰ খোজ কাঢ়ি চাবলৈ
মনতো উত্তেজিত হৈ পৰে।
সোণালী শৈশৱৰ পম খেদি
কেতিয়াবা উভতি যাঁও সেই 
ঠাইলৈ…
আহ!! সেই সুবাস !!!
সেই মাটিখিনিত ভৰি দিলেই
বুকুত যেন ধুমুহা বলিবলৈ ধৰে।
জানানে সেই দেৱালবোৰযে
কত কাহিনীৰ সাক্ষী?
যি কাহিনী
আজি মাথোঁ স্মৃতি…
আজিওযে দেৱালবোৰ স্পৰ্শ কৰিলেই
কাহিনীবোৰ ভাঁহি  আহিবলৈ‌ ধৰে
লুকুৱাই ৰাখিব বিচাৰিলেও
চকুলো বাগৰি পৰে।
ঠিকেই সময় চিৰ প্ৰবাহমান,
এই প্রবাহৰ লগে লগে
আমিওতো আগবাঢ়ি যাবই লাগিব,
কিন্তু এই সম্পর্ক
হৃদয়ৰ একোণত নিশ্চল হৈয়ে থাককচোন।
যেতিয়াই সেই পৰিৱেশে আলিংগন কৰিব বিচাৰিব
মই দুবাহু মেলি দিম,
একেলগে স্মৃতিৰ ৰোমন্থন কৰিম।
পুনৰ আদিম উন্মাদনাৰে
উভতি যাম সেই ঠাইলৈ,
সম্পর্কবোৰ  এনেদৰেই ধৰি
ৰাখিবলৈ।
~হর্ষিতা বড়া

সপোনৰ পমখেদি..

হৃদয়ৰ নিভৃতকোণত
উটি-ভাহিফুৰাসপোন
আৰু
দিঠকত পৰিণতকৰাৰ
অপ্ৰাণহাবিয়াসে
সাহকৰিপাৰভাঙে
কেতিয়াবা
ভুল-শুদ্ধ বিচাৰৰগতি।
শুদ্ধাশুদ্ধবিচাৰৰ দোমোজাত
চকুৰ লোটকেৰেঠেহপাতে
নেদেখাজনৰওচৰত;
তথাপিতোকৰমকধিয়াই
আগবাঢ়ি যায়
নাজানি- নুবুজিপৰিস্থিতিৰ বাণী।
কিয়নো
আমি যে সপোন পিয়াসী।।
গায়ত্ৰী ৰয় প্ৰাক্তন ছাত্ৰী(২০০৮বৰ্ষ শিশু নিকেতন, ডিগবৈ

সোঁৱৰণি

 
বুজা নুবুজাৰ মন এটি লৈ উচ্চ
শিক্ষাৰ দুৱাৰ দলিত দিলোহি ভৰি
অজানিতে হৃদয়খন আনন্দত উথলি উঠিল
উচ্চকাংক্ষী মনত আবেগেৰে ভৰি পৰিল
শিশু নিকেতন মোৰ কলিজাৰ
এচপৰা কেঁচা সোণৰ টুকুৰা
যত সংপৃক্ত হৈ আছে মোৰ কৈশোৰ ও যৌৱন।
বিগত পাচ বছৰীয়া এটি মিঠা অনুভূতি
শ্ৰদ্ধাদ্ধ শিক্ষাগুৰুৰ কঠোৰ শাসন
যি প্ৰানৱন্ত মন্ত্ৰৰে মোক বাধিত কৰিলে
মৰমৰ আবিৰবোৰত লুতুৰিপুতুৰি
সেই অমৃতসম সময়ে এতিয়াও
মোক কৰে ব্যাকুল।
শিক্ষাগুৰুৰ শাসনবোৰ মোৰ বাবে
সৰগৰ আপেশ্বৰীয়ে চতিয়াই
দিয়া আশীৰ্বাদৰ ফুল।
মোৰ প্ৰানত কোনোবা নূভূত কোনত
অহৰহ এটি সুৰে কৰে আমনি
অতীত, আজি মোৰ কাষতে আছে।
বৰ হেঁপাহেৰে বৰ আগ্ৰহেৰে
আজি মোৰ এই অৱস্থিতি।
ল’ৰালিৰ স্মৃতিয়ে বাৰে বাৰে সোঁৱৰাই
এয়াই হেঁপাহৰ শিশু নিকেতন বিদ্যালয়।
তৈলনগৰীৰ ডিগবৈত অৱস্থিত
শিক্ষাকেন্দ্ৰৰ বিদ্যালয়।
সেয়া মোৰ জীৱনৰ অন্তিম পৰ্যন্ত
চিৰসেউজী হৈ ৰৱ।
অনিৰুদ্ধ গগৈ প্রাক্তন ছাত্র